কলগাছিয়া-আমগুৰিলৈ যোৱা কাঠৰ দলংত অঘটন। চাইকেলসহ স্কুলীয়া ছাত্ৰই দলঙৰ পৰা বাগৰি পৰে নদীত। কথমপী প্ৰাণৰক্ষা ছাত্ৰৰ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰিলৈ যোৱা কাঠৰ দলংৰ পৰা চাইকেলসহ এগৰাকী ছাত্ৰ নদীত বাগৰি পৰে। ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে ছাত্ৰ গৰাকীৰ। ছাত্ৰ গৰাকী আমগুৰি গাঁওৰ নুৰুল ইছলামৰ পুত্র আশিক আহমেদ বুলি জানিব পৰা গৈছে। স্কুলৰ পৰা চাইকেলেৰে নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাত সংগঠিত হয় এই দুৰ্ঘটনা। প্ৰায় ৫ বছৰ পূৰ্বে দলংখন নিৰ্মান কৰিছিল যদিও সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰাত এই ঘটনা সংগঠিত হৈছে বুলি ৰাইজে অভিযোগ কৰে। উল্লেখ্য যে, ৫ বছৰ পূৰ্বে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা কাঠৰ দলংখন ভাঙি যোৱাত দুবাৰকৈ মেৰামতি কৰিছিল যদিও পুনৰ জহিখহি যোৱাত ভৰিৰে মোহাৰি দিলে ভাঙি যায় কাঠ। বাইক বা মানুহ উঠিলেই ভূমিকম্পৰ দৰে কপি থাকে দলংখন। ফলত মৰণক শৰণ দি যাতায়ত কৰিব লগা হয় ৰাইজে। দুৰ্বল দলঙেৰে কোনো জৰুৰীকালীন এম্বুলেন্স, অগ্নিনিৰ্বাপক গাড়ী আদি যাতায়ত কৰিব নোৱাৰাৰ ফলত কান্ধত নাইবা ঠেলা ৰিক্সাৰে অনা নিয়া কৰিব লগা হয় ৰোগী। যাৰ ফলত কলগাছিয়া, আমগুৰি আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে। শীঘ্ৰে দলংখন পকীকৰণৰ দাবী জনাইছে ৰাইজে।